আজি আমি এই postটোৰ জৰিয়তে narrationৰ বিষয়ে আলোচনা কৰিম। কিদৰে এটা বাক্য Direct narrationৰ পৰা indirect narrationলৈ নিব পাৰি সকলো খিনি নিয়ম আলোচনা কৰা হৈছে। আৰু ইয়াৰ জৰিয়তে student সকল উপকৃত হ'ব বুলি মই আশাবাদী।
Narration
Narration ক অসমীয়াত উক্তি বুলি কোৱা হয়।
ইংৰাজীত narrate ৰ অৰ্থ হ'ল বৰ্ণনা কৰা বা যটনাৰ ব্যাখ্যা কৰা ।আৰু ইয়াৰ পৰাই আহিছে narration . অৰ্থাৎ narration ৰ অৰ্থ হ'ল কোনো এটা ঘটনা, কাম, বা কথাৰ বৰ্ণনা বা বিবৰণ দিয়া।
Narration দুই প্ৰকাৰৰ
Direct narration
Indirect narration
Direct narration:-কোনো এজন ব্যক্তিয়ে যিদৰে কোনো এটা কথা কয় বা বিবৰণ দিয়ে ঠিক একেদৰেই যদি কথাটো কোৱা বা লিখা হয় তেতিয়া তাক Direct narrationবুলি কোৱা হয়।Direct narrationত ব্যক্তিয়ে কোৱা উক্তিটো উধ্ব ক'মাৰ (" ") ভিতৰত লিখা হয়।
যেনে:-ৰামে কৈছিল,"মই কালি স্কুললৈ যোৱা নাই।"
এইটো Indirect narration.ইয়াত ৰামে যিদৰে কৈছে একেদৰেই ইয়াক উধ্ব ক'মাৰ ভিতৰত লিখা হৈছে।
Indirect narration:-ওপৰৰ বাক্যটো যদি আমি এনেদৰে কও-
ৰামে কৈছিল যে সি কালি স্কুললৈ যোৱা নাছিল।
আৰু এই বাক্যটো হ'ব indirect narration.
Direct narrationৰ পৰাindirect narration লৈ নিয়াৰ নিয়ম:-
Assertive sentence
1)যদি উধ্ব ক'মা বা inverted comma ৰ ভিতৰত থকা বাক্যটো assertive sentence (বৰ্ণনা মূলক বাক্য) হয় তেতিয়া indirect narrationলৈ নিওতে 'said to' ৰ সলনি told ব্যৱহাৰ কৰা হয়। কেৱল said থাকিলে said য়েই ব্যৱহাৰ কৰা হয়।
2)ক'মা আৰু উধ্ব ক'মা উঠাই বাক্য দুটাৰ মাজত that ব্যৱহাৰ কৰা হয়।
3) উধ্ব ক'মাৰ ভিতৰত থকা বাক্যটো tense ৰ পৰিবৰ্তন তলত দিয়া ধৰণে ঘটে-
( কিন্তু উধ্ব ক'মাৰ ভিতৰত থকা বাক্যটো চিৰন্তন সত্য হ'লে tense ৰ পৰিবৰ্তন নঘটে)
উধ্ব ক'মাৰ বাহিৰেত থকা বাক্যটো presentবা future tenseৰ হ'লে উধ্ব ক'মাৰ ভিতৰত বাক্যটোৰ tense ৰ পৰিবৰ্তন নঘটে)
indirect narrationলৈ নিওতে কিছুমানnounৰ তলত দিয়া ধৰণে পৰিবৰ্তন হয়—-
1/ He said to me, " I play cricket."
=He told me that he played cricket.
(উধ্ব ক'মাৰ ভিতৰত থকা 'I' টো indirect narration লৈ নিওতে he বা she হ'ব পাৰে।
যদি উধ্ব ক'মাৰ বাহিৰত থকা বাক্যটোৰ sub টো he বা অন্য কোনো পু লিংগ হয় তেতিয়া 'I' ৰ সলনি he হ'ব। যদি উধ্ব ক'মাৰ বাহিৰত থকা বাক্যটোৰঢ় sub টো she বা অন্য কোনো স্ত্ৰী লিংগ হয় তেতিয়া 'I' ৰ সলনি she হ'ব)
2) She said to him,"I can't swim."
=She told him that she couldn't swim.
3)Sita said to me,"I bought it yesterday"
=Sita told me that she had bought that the day before.
4)The man said,"I made some money yesterday"
=The man said that he had made some money the day before.
5)The teacher said to us,"The earth is round"
=The teacher told us that the earth is round.
(The earth is round অৰ্থাৎ পৃথিৱীখন ঘূৰণীয়া- এই বাক্যটো এটা চিৰন্তন সত্য বাক্য যিটো কেতিয়াও মিছা হ'ব নোৱাৰে। গতিকে এনেধৰণৰ চিৰন্তন সত্য বাক্য indirect narrationলৈ নিওতে tense ৰ পৰিবৰ্তন নঘটে। সেই বাবে The teacher told us that the earth was round লিখিলে ভুল হ'ব)
6) He said to me, "I am ill now"
=He told me that he was ill then.
7)The teacher said,"The earth moves round the sun."
=The teacher said that the earth moves round the sun.
উধ্ব ক'মাৰ বাহিৰেত থকা বাক্যটো presentবা future tenseৰ হ'লে উধ্ব ক'মাৰ ভিতৰত বাক্যটোৰ tense ৰ পৰিবৰ্তন নঘটে)
যেনে:-
1)He will say,"I have done the work."
=He will say that he has done the work.
(উধ্ব ক'মাৰ ভিতৰত থকা বাক্যটোpresent perfect tenseত আছিল আৰু indirect narrationলৈ নিওতেও present perfect tenseতে আছে)
2)My father says,"I like tea."
=My father says that he likes tea.
(উধ্ব ক'মাৰ ভিতৰত থকা বাক্যটোত always, everyday,never থাকিলেও indirect narrationলৈ নিওতেtense ৰ পৰিবৰ্তন নঘটে)
যেনে:- He said,"I always go to school."
=He said that he always goes to school.
I said to my father,"I can't do it."
=I told my father that I couldn't do that.
(উধ্ব ক'মাৰ বাহিৰত থকা বাক্যটোৰsub টো 'I' হ'লে উধ্ব ক'মাৰ ভিতৰত থকা 'I' ৰ পৰিবৰ্তন নঘটে।)
উধ্ব ক'মাৰ ভিতৰত থকা my ৰ পৰিবৰ্তন
(উধ্ব ক'মাৰ বাহিৰত থকা বাক্যটোৰ sub টো he বা অন্য কোনো পু লিংগ হ'লে উধ্ব ক'মাৰ ভিতৰত থকা my ৰ সলনি indirect narrationলৈ নিওতে his হ'ব)
যেনে:-
He said to me,"I have lost my pen"
=He told me that he had lost his pen.
(উধ্ব ক'মাৰ বাহিৰত থকা বাক্যটোৰ sub টো she বা অন্য কোনো স্ত্ৰী লিংগ হ'লে উধ্ব ক'মাৰ ভিতৰত থকা my ৰ সলনি indirect narrationলৈ নিওতে her হ'ব)
যেনে:-She said to me,"I have completed my home works."
=She told me that she had completed her home works.
(উধ্ব ক'মাৰ বাহিৰত থকা বাক্যটোৰ sub টো যদি 'I' হয় তেতিয়া উধ্ব ক'মাৰ ভিতৰত থকা my ৰ পৰিবৰ্তন নঘটে)
যেনে:- I said to the teacher,"I have finished my home works"
=I told the teacher that I had finished my home works.
উধ্ব ক'মাৰ ভিতৰত থকা me ৰ পৰিবৰ্তন
উধ্ব ক'মাৰ বাহিৰত থকা বাক্যটোৰ sub টো he বা অন্য কোনো পু লিংগ হ'লে me ৰ সলনি indirect narration লৈ নিওতে him হ'ব। আৰু she থাকিলে her হ'ব। আৰু উধ্ব ক'মাৰ বাহিৰত থকা বাক্যটোৰ sub টো যদি 'I' থাকে তেতিয়া indirect narrationলৈ নিওতে me ৰ পৰিবৰ্তন নঘটে।
He said,"He gave me the pen."
=He said that he had given him the pen.
She said,"The boy gave me the gift."
=She said that the boy had given her the gift.
3)I said,"The teacher gave me a valuable advice."
=I said that the teacher had given me a valuable advice.
উধ্ব ক'মাৰ ভিতৰত থকা 'you' ৰ পৰিবৰ্তন-
উধ্ব ক'মাৰ ভিতৰত থকা you ৰ পৰিবৰ্তন দুই ধৰণে হ'ব পাৰে ।যদি you টো sub হিচাপে থাকে তেতিয়া পৃথক ভাবে পৰিবৰ্তন হ'ব। আৰু যদি উধ্ব ক'মাৰ ভিতৰত থকা you টো object হিচাপে থাকে তেতিয়া you ৰ পৰিবৰ্তন পৃথক ভাবে হ'ব। You টো sub হিচাপে আছে নে object হিচাপে আছে কেনেদৰে নিৰ্ধাৰণ কৰিম? —-you টো যদি verb ৰ আগত থাকে তেতিয়া sub আৰু you টো যদি verb ৰ পিছত থাকে তেতিয়া objectহিচাপে থাকিবl
উধ্ব ক'মাৰ ভিতৰত থকা you ৰ পৰিবৰ্তন (sub হিচাপে থাকিলে)----
(#যদি উধ্ব ক'মাৰ বাহিৰত থকা বাক্যটোৰob টো me হয় তেতিয়া উধ্ব ক'মাৰ ভিতৰত sub হিচাপে থকা you ৰ পৰিবৰ্তন 'I' হ'ব।
যেনে:- He said to me,"You are a good boy."
=He told me that I was a good boy.
#যদি উধ্ব ক'মাৰ বাহিৰত থকা বাক্যটোৰob টো him বা অন্য কোনো পু লিংগ হয় তেতিয়া উধ্ব ক'মাৰ ভিতৰত sub হিচাপে থকা you ৰ পৰিবৰ্তন 'he'হ'ব।
যেনে:-The teacher said to him,"You may go."
=The teacher told him that he might go.
#যদি উধ্ব ক'মাৰ বাহিৰত থকা বাক্যটোৰob টো her বা অন্য কোনো স্ত্ৰী লিংগ হয় তেতিয়া উধ্ব ক'মাৰ ভিতৰত sub হিচাপে থকা you ৰ পৰিবৰ্তন 'she'হ'ব।
যেনে:- I said to her,"You are beautiful."
=I told her that she was beautiful.
উধ্ব ক'মাৰ ভিতৰত থকা you ৰ পৰিবৰ্তন (object হিচাপে থাকিলে)----
(#যদি উধ্ব ক'মাৰ বাহিৰত থকা বাক্যটোৰob টো me হয় তেতিয়া উধ্ব ক'মাৰ ভিতৰত object হিচাপে থকা you ৰ পৰিবৰ্তন me হ'বl)
যেনে:-He said to me,"I will meet you tomorrow."
=He told me that he would meet me the next day.
#যদি উধ্ব ক'মাৰ বাহিৰত থকা বাক্যটোৰob টো himবা অন্য কোনো পু লিংগ হয় তেতিয়া উধ্ব ক'মাৰ ভিতৰত object হিচাপে থকা you ৰ পৰিবৰ্তন him হ'বl
যেনে:-I said to him,"I can help you."
=I told him that I could help him.
#যদি উধ্ব ক'মাৰ বাহিৰত থকা বাক্যটোৰob টো her বা অন্য কোনো স্ত্ৰী লিংগ হয় তেতিয়া উধ্ব ক'মাৰ ভিতৰত object হিচাপে থকা you ৰ পৰিবৰ্তন her হ'বl
যেনে:-I said to her,"I can give you some money."
=I told her that I could give her some money.
উধ্ব ক'মাৰ ভিতৰত থকা we ৰ পৰিবৰ্তন–
(উধ্ব ক'মাৰ বাহিৰত থকা বাক্যটোৰ sub টো যদি 'I' বা we হয় তেতিয়া উধ্ব ক'মাৰ ভিতৰত থকা we ৰ পৰিবৰ্তন নহয়।)
1)He said to me,"We have won the match."
=He told me that they had won the match.
2)I said to him,"We have won the match."
=I told him that we had won the match.
উধ্ব ক'মাৰ ভিতৰত থকা your ৰ পৰিবৰ্তন—-
উধ্ব ক'মাৰ বাহিৰত থকা বাক্যটোৰ objectটো me থাকিলে your ৰ সলনি my, him থাকিলে your ৰ সলনি his আৰু her থাকিলে your ৰ সলনি her ব্যৱহাৰ কৰা হয়।
যেনে:-
1)He said to me,"I met your father yesterday."
=He told me that he had met my father the day before.
2)I said to him,"I met your father yesterday."
=I told him that I had met his father the day before.
3)I said to her,"I met your father yesterday."
=I told her that I had met her father the day before.
Interrogative sentenceৰ indirect narrationকৰাৰ নিয়ম-
—----Next.
Interrogative sentenceৰ indirect narrationকৰাৰ নিয়ম-
যদি উধ্ব ক'মাৰ ভিতৰত থকা বাক্যটো interrogative sentence (প্ৰশ্ন বোধক বাক্য) হয় তেতিয়া indirect narrationলৈ নিওতে 'said to' ৰ সলনি asked বা enquired of ব্যৱহাৰ কৰা হয়। (যিকোনো এটা ব্যৱহাৰ কৰিব পাৰি)
ক'মা আৰু উধ্ব ক'মা উঠাই বাক্য দুটাৰ মাজত if বা whether ব্যৱহাৰ কৰা হয়।(যিকোনো এটা ব্যৱহাৰ কৰিব পাৰি)
কিন্তু interrogative sentenceটো W.H. question word ৰে আৰম্ভ হ'লে if বা whether ব্যৱহাৰ কৰা নহয়। সেইwh question word টোৱেই বহে।
উধ্ব ক'মাৰ ভিতৰত থকা interrogative sentenceটো assertive sentenceলৈ নিব লাগে। আৰুtense ৰ পৰিবৰ্তন ঘটে।
#উধ্ব ক'মাৰ ভিতৰত থকা interrogative sentence টো indirect narrationলৈ নিওতে তলত দিয়া ধৰণে assertive sentenceলৈ যায় আৰু tense ৰ পৰিবৰ্তন ঘটে—-
যদি interrogative sentenceটোত কোনো auxiliary verbথাকে তেতিয়া ই sub ৰ পিছলৈ যায় আৰু past formলৈ যায়। (Auxiliary verbs—-am,is,are,was,were,have,
may,have,has,shall,will
might,can, could,must,.. ইত্যাদি.........................)
যদি interrogative sentence টোৰ আৰম্ভণিতে বা sub ৰ আগতdoবা does থাকে তেতিয়া do/does উঠি যায় আৰুverb টো past form লৈ নিব লাগে।
যদি interrogative sentence টোৰ আৰম্ভণিতে বা sub ৰ আগত did থাকে তেতিয়া did উঠি যায় আৰু বাক্যটো past perfect tenseলৈ নিব লাগে।
1)The teacher said to me,"Have you completed your home works?"
=The teacher asked me if I had completed my home works.
(উধ্ব ক'মাৰ ভিতৰত থকা you, my, your, I ,me আদিৰ পৰিবৰ্তন পূৰ্বে উল্লেখ কৰি অহাৰ দৰে সকলো sentenceৰ narrationৰ কাৰণে একে হ'ব)
2)He said to me,"Do you know my father?"
=He asked me if I knew his father.
3)I said to him,"Did you buy the book?"
=I asked him if he had bought the book.
4)The man said to me,"What is your name?"
=The man asked me what my name was.
5)He said to me,"Can you drive a car?"
=He asked me if I could drive a car.
6)The teacher said to him,"When do you do your home works?"
=The teacher asked him when he did his home works.
7)The doctor said to the patient,"Can you buy the medicine?"
=The doctor asked the patient if he could buy the medicine.
8)I said to Ram,"Will you meet me tomorrow?"
=I asked Ram if he would meet me the next day.
9)The old man said to the boy,"Can you help me?"
=The old man asked the boy if he could help him.
10) He said,"Where is the post office?"
=He asked where the post office was.
Imperative sentencesৰ Indirect narrationলৈ নিয়াৰ নিয়ম—-
–Next
1)যদি উধ্ব ক'মাৰ ভিতৰত থকা বাক্যটো imperative sentence হয় তেতিয়া বাক্যটোৰ অৰ্থ অনুসৰি said to ৰ সলনি advised, requested, ordered ব্যৱহাৰ কৰা হয়।
(উধ্ব ক'মাৰ ভিতৰত থকা বাক্যটো imperative sentenceঅৰ্থাৎ আদেশ, অনুৰোধ বা উপদেশ সূচক বাক্য বুলি কিদৰে জানিম? imperative sentence ৰ আৰম্ভণিতে verbটো থাকিব । গতিকে উধ্ব ক'মাৰ ভিতৰত থকা বাক্যটোৰ আৰম্ভণিতে verb থাকিলে আমি জানিম যে ই imperative sentence. বাক্যটোৰ আৰম্ভণিতে please থাকিলেও ই imperative sentence হ'ব আৰু অনুৰোধ কৰা বুজাব
যদি উধ্ব ক'মাৰ ভিতৰত থকা imperative sentenceটোৱে উপদেশ দিয়া বা কোনো এটা ভাল পৰামৰ্শ দিয়া বুজায় তেতিয়া said toৰ সলনি advised ব্যৱহাৰ কৰা হয়।
যদি উধ্ব ক'মাৰ ভিতৰত থকা imperative sentenceটোৰ আৰম্ভণিতে pleaseথাকে অৰ্থাৎ অনুৰোধ কৰা বুজায় তেতিয়া said toৰ সলনি requested ব্যৱহাৰ কৰা হয়। indirect narrationলৈ নিওতে pleaseউঠি যায়।
যদি উধ্ব ক'মাৰ ভিতৰত থকা imperative sentenceটোৱে আদেশ দিয়া বুজায় তেতিয়া said toৰ সলনি orderedবা commanded ব্যৱহাৰ কৰা হয়।
2) ক'মা আৰু উধ্ব ক'মা উঠাই বাক্য দুটাৰ মাজত to ব্যৱহাৰ কৰা হয়।
3) to ৰ পিছত থকা verb টোৰ কোনো tense ৰ পৰিবৰ্তন নঘটে।
4) imperative sentenceটোৰ আৰম্ভণিতে don'tথাকিলে indirect narrationলৈ নিওতে ক'মা আৰু উধ্ব ক'মা উঠাই not to ব্যৱহাৰ কৰা হয়। আৰু don't উঠি যায়।
The teacher said to me,"Don't waste your time."
(ইয়াত Don't waste your time অৰ্থাৎ "তোমাৰ সময় নষ্ট নকৰিবা" এই বাক্যটো এটা উপদেশ বা সৎ পৰামৰ্শ গতিকে said to ৰ সলনি indirect লৈ নিওতে advisedআহিব)
The teacher said to me,"Don't waste your time."
=The teacher advised me not to waste my time.
1)The teacher said,"Don't tell a lie."
=The teacher advised not to tell a lie.
2)He said to me,"Please, give me your pen."
=He requested me to give him my pen.
3)The man said to the boy,"Shut the door immediately."
=The man ordered the boy to shut the door immediately.
যদি উধ্ব ক'মাৰ ভিতৰত থকা imperative sentence টোৱে আদেশ বা অনুৰোধ যিকোনো এটা বুজায় অৰ্থাৎ আদেশও হ'ব পাৰে অনুৰোধ কৰাও হ'ব পাৰে তেনে অৰ্থত said toৰ সলনি indirect narrationলৈ নিওতে asked ব্যৱহাৰ কৰা হয়।
যেনে:-He said to me,"Give me the book."
=He asked me to give him the book.
(Give me the book কিতাপ খন দিয়া-আদেশো হ'ব পাৰে অনুৰোধো হ'ব পাৰে)
যদি উধ্ব ক'মাৰ ভিতৰত থকা imperative sentence টো let's /let us ৰে আৰম্ভ হয় তেতিয়া indirect narrationলৈ নিওতে—
1/said (to) ৰ সলনি suggested বা proposed (to) ব্যৱহাৰ কৰা হয়।
2/ক'মা আৰু উধ্ব ক'মা উঠাই বাক্য দুটাৰ মাজত that ব্যৱহাৰ কৰা হয়।
3/let us ৰ সলনি they should ব্যৱহাৰ কৰা হয়।
He said to Ram,"Let us have a picnic."
=He proposed to Ram that they should have a picnic.
He said,"Let us play."
=He proposed that they should play.
Optative sentenceৰ indirect narrationলৈ নিয়াৰ নিয়ম—--
1)যদি উধ্ব ক'মাৰ ভিতৰত থকা বাক্যটো Optative sentence হয় তেতিয়া indirect narration লৈ নিওতে' Said to' verb ৰ সলনি wished বা prayed ব্যৱহাৰ কৰা হয়।
উধ্ব ক'মাৰ ভিতৰত থকা বাক্যটো Optative sentence ত আছে বুলি কিদৰে জানিম? সাধাৰণতে Optative sentenceৰ আৰম্ভণিতে may থাকে। গতিকে বাক্যটোৰ আৰম্ভণিতে may থাকিলে গ'ম পাম ৰে ই Optative sentence.
যেনে:-May the God help you.
2)ক'মা আৰু উধ্ব ক'মা উঠাই বাক্য দুটাৰ মাজত that ব্যৱহাৰ কৰা হয়।
3)May টো sub ৰ পিছলৈ যায় আৰু might হৈ বহে।
1)The old man said to me,"May the God help you."
=The oldman prayed that the God might help me.
(Optative sentenceটোত God থাকিলে prayed ব্যৱহাৰ কৰা হয় আৰু অন্যথা wished ব্যৱহাৰ কৰা হয়। Optative sentenceৰ ক্ষেত্ৰত indirect narrationলৈ নিওতে সাধাৰণতে উধ্ব ক'মাৰ বাহিৰত থকা বাক্যটোৰ object টো লিখিব নালাগে। 'The old man prayed' হ'ব, The oldman prayed me নহয়।)
2)He said to me,"May you be happy."
=He wished that I might be happy.
3)I said to him,"May you be long life."
=I wished that he might be long life.
Exclamatory sentenceৰ indirect narrationলৈ নিয়াৰ নিয়ম:----
(উধ্ব ক'মাৰ ভিতৰত থকা বাক্যটোৰ আৰম্ভণিতে যদি Alas ,বা Hurrahথাকে তেতিয়া বাক্যটো exclamatory sentenceহ'ব বা বাক্যটোৰ শেষত যদি ' ! 'এই চিহ্নটো থাকে তেতিয়াও বাক্যটো exclamatory sentenceহ'ব)
Said ৰ সলনি exclaimed with joy, exclaimed with sorrow, exclaimed with surprise ব্যৱহাৰ কৰা হয়। যদি উধ্ব ক'মাৰ ভিতৰত থকা বাক্যটো দুখ প্ৰকাশক হয় তেতিয়াexclaimed with sorrow, যদি আনন্দ প্ৰকাশক হয় তেতিয়া exclaimed with joy আৰু যদি আচৰিত প্ৰকাশক হয় তেতিয়াexclaimed with surprise ব্যৱহাৰ কৰা হয়।
ক'মা আৰু উধ্ব ক'মা উঠাই বাক্য দুটাৰ মাজত that ব্যৱহাৰ কৰা হয়।
1)He said,"Alas,the man has died !"
=He exclaimed with sorrow that the man had died.
(Alas থাকিলে দুখ প্ৰকাশক হ'ব আৰু exclaimed with sorrow ব্যৱহাৰ কৰিব লাগিব। আৰু indirect narrationলৈ নিওতে Alas উঠি যায়)
2)The boy said,"Hurrah, we have won the match!"
=The boy exclaimed with joy that they had won the match.
(Hurrah থাকিলে আনন্দ প্ৰকাশক হ'ব আৰু exclaimed with joy ব্যৱহাৰ কৰিব লাগিব। আৰু indirect narrationলৈ নিওতে hurrah উঠি যায়)
3)She said,"How beautiful the bird is!"
=She exclaimed with surprise that the bird was very beautiful.
4)The boy said,"How tall the tree is!"
=The boy exclaimed with surprise that the tree was very tall.