Present indefinite tense examples//present indefinite tense in Assamese//tense in assamese

 

           



প্ৰথমে সকলোকে আমাৰ আজিৰ এই post টোলৈ স্বাগতম জনাইছো। আৰু আজি আমি এই postটোৰ জৰিয়তে present indefinite tense বা simple present ৰ বিষয়ে আলোচনা কৰিম। লগতে আমি  present indefinite tenseৰ formation ,ব্যৱহাৰ আৰু present indefinite tense ৰ অসমীয়া বাক্য ইংৰাজীলৈ কেনেদৰে অনুবাদ কৰিব পাৰি সকলো খিনি আলোচনা কৰিম। এই post টোৱে ছাত্ৰ-ছাত্ৰী সকলক ইংৰাজী ব্যাকৰণ শিকণত বিশেষ সহায় কৰিব বুলি ম‌ই আশাবাদী।



Present indefinite tense:-

    ব্যৱহাৰ:-1) অভ্যাস গত কামৰ ক্ষেত্ৰত এই tense ব্যৱহাৰ কৰা হয়।

              2) চিৰন্তন সত্য ঘটনাৰ ক্ষেত্ৰত এইtense ব্যৱহাৰ কৰা হয়।


     অভ্যাস গত কাম:-


সাধাৰণতে সচৰাচৰ যিবোৰ কাম সংঘটিত হৈ থাকে তেনেধৰণৰ কাম সমূহক অভ্যাসগত কাম বোলা হয়। বা কৰ্তাই (subject) সদায় কৰা কাম, মাজে সময়ে কৰা কাম, প্ৰতিদিনে কৰা কাম, প্ৰায় কৰা কাম সমূহ অভ্যাস গত কাম বোলা হয়। আৰু এই অভ্যাস গত কামৰ বাক্য সমূহক present indefinite tenseবোলা হয়।

       যেনে:-

1)আমি সদায় ক্ৰিকেট খেলো।

2) মোৰ দেউতাৰাই বাতৰি কাকত পঢ়ে।

3) সিহঁতে প্ৰতিদিনে আবেলি ফুটবল খেলে।

4)ৰাম মাজে সময়ে আমাৰ গাঁৱলৈ আহে।

5)মোৰ দেউতা প্ৰতি দেওবাৰে বজাৰলৈ যায়।


         .....   ইত্যাদি...


চিৰন্তন সত্য ঘটনা:-

যিবোৰ ঘটনা কেতিয়াও মিছা হ'ব নোৱাৰে তেনেবোৰ ঘটনাকে চিৰন্তন সত্য ঘটনা বোলা হয়। আৰু চিৰন্তন সত্য ঘটনৰ বাক্য সমূহ present indefinite tenseৰ হয়।

         যেনে:-

1) পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে।

2)বেলি পূবত উদয় হয়।

       ...... ইত্যাদি.....



Present indefinite tenseৰ বাক্য অসমীয়াৰ পৰা ইংৰাজী কিদৰে অনুবাদ কৰিব পাৰি? (How can an Assamese sentence of present indefinite tense be translated into English?):-


প্ৰতিটো tense ৰে একোটাকৈ formation থাকে যাৰ সহায়ত আমি এটা অসমীয়ৰ বাক্য ইংৰাজীলৈ অনুবাদ কৰিব পাৰো। 


Formation of present indefinite tense:-Sub+verb ৰ present form +object.


Translate into English



1) আমি ক্ৰিকেট খেলো।

=We play cricket.

(বাক্যত যি কামটো কৰে সিয়েইsub। ইয়াত আমি কামটো কৰি আছো গতিকে sub -We. যি পদে কৰা বা হোৱা বুজায় তাকেই verb বোলা হয়। ইয়াত 'খেলা'(play ) verb হ'ব। বাক্যত 'কি' বা কাক বুলি প্ৰশ্ন কৰিলে বাক্যটোৰobject টো পাব পাৰি। ইয়াত কি খেলো বুলি ক'লে উত্তৰ হ'ব-cricket. গতিকে cricket টো হ'ল বাক্যটোৰ object.

2) মোৰ দেউতাৰাই বাতৰি কাকত পঢ়ে।

=My father reads newspaper paper


Note:-Present indefinite tenseৰ sub টো 3rd person singular numberহলে verb ৰ present form ৰ লগত s বা es যোগ কৰা হয়


3) সিহঁতে প্ৰতিদিনে আবেলি ফুটবল খেলে।

=They play football everyday in the evening.

4)ৰাম মাজে সময়ে আমাৰ গাঁৱলৈ আহে।

=Ram sometimes comes to our village.

5) মোৰ দেউতা প্ৰতি দেওবাৰে বজাৰলৈ যায়।

=My father goes to market every Sunday.

6) পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে।

=The earth moves round the sun.

7) গছে আমাক ফল দিয়ে।

=The tree gives us fruits.

8)ৰাতি আকাশত তৰা ওলাই।

=The star appears at the night.

9) ছোৱালী জনীয়ে গান গায়।

=The girl sings.

10)হৰিয়ে কবিতা লিখে।

=Hari writes poems.



Formation of a negative sentence of present indefinite tense


=Sub+don't/doesn't+verbৰ present form+object


Examples:-

1)সি সদায় স্কুললৈ নাযায়।

=He does not always go to school.

2)ম‌ই চাহ নাখাও।

=I don't take tea.

3)সি মিছা কথা নকয়।

=He does not tell a lie.

4) মোৰ দেউতাৰাই বাতৰি কাকত নপঢ়ে।

=My father doesn't read newspaper.

5)ম‌ই সাতুৰিব নাজানো।

=I don't know how to swim.

6) মানুহ জনে পঢ়িব নাজানে।

=The man does not know how to read.

7)ম‌ই ৰাতিপুৱা টেলিভিছন নাচাও।

=I don't watch telivision in the morning.

8)প্ৰতিদেওবাৰে আমি স্কুললৈ নাযাও।

=We don't go to school every Sunday.

9) দিনত তৰা নোলায়।

=The star doesn't appear at day time.

10) শিক্ষক জনে আমাক ইংৰাজী নপঢ়ায়।

=The teacher doesn't teach us English.




Formation of an interrogative sentence of present indefinite tense


=Do/Does+sub+verb ৰ present form+object.

(Sub টো third person singular number হ'লে Does ব্যৱহাৰ কৰা হয় আৰু অন্যথা do ব্যৱহাৰ কৰা হয়)


Examples:-


1) তুমি কফি খাই ভাল পোৱা নে?

=Do you like to take coffee?

2)সি সদায় স্কুললৈ যায় নে?

=Does he always go to school?

3) তোমাৰ দেউতাৰাই মোক চিনি পায় নে?

=Does your father know me?



Translate into English

 

1)প্ৰতি বছৰে ১৫ আগষ্টত আমি স্বাধীনতা দিৱস উদযাপন কৰো।

=We celebrate the independence day on August 15 every year.

2) প্ৰতিবছৰে গাঁৱত সিহঁতে এখন ক্ৰিকেট খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

=They hold a cricket match in the village every year.

3)প্ৰতি বছৰে আমি বহাগ বিহু উদযাপন কৰো।

=We celebrate the Bohag Bihu every year.

4)

Post a Comment (0)
Previous Post Next Post