Tense in Assamese language//all tenses in Assamese//translation Assamese into English






Today we are going to learn about tense.Through this post ,we will know how to translate an Assamese sentence into English





 TENSE (কাল)



     Tense মানে হ'ল কাল বা সময়। অৰ্থাৎ কোনো এটা কাম কেতিয়া সংঘটিত  হৈছে যি নিৰ্দেশ কৰি দিয়ে তাকে আমি tense বুলি কব পাৰো।

 Tense ৰ প্ৰকাৰ:-

      মূলতঃ tense তিনি প্ৰকাৰৰ:-

1/present tense (বৰ্তমান কাল)

2/past tense(অতীত কাল)

3/Future tense(ভৱিষ্যত কালত)


       কিন্তু ইংৰাজীত প্ৰতিটো tense ৰে চাৰিটাকৈ ভাগ আছে অৰ্থাৎ মুঠতে tense ১২প্ৰকাৰৰ

Present tense ৰ ভাগ

   1.Present Indefinite tense

   2.Present continuous tense

   3.Present perfect tense

   4.Present perfect continuous tense

Past tenseৰ ভাগ

     1.Past indefinite tense (বা simple past)

     2.Past continuous tense

     3.past perfect tense

     4.past perfect continuous tense

Future tense ৰ ভাগ

      1.future indefinite tense

      2.future continuous tense

      3.future perfect tense

      4.future perfect continuous tense

Present indefinite tense

  •  বাক্যটো অভ্যাসগত হ'লে present indefinite tenseৰ হ'ব

যেনে:- মোৰ দেউতাৰাই বাতৰি কাকত পঢ়ে

            সি সদায় স্কুললৈ যায়

যিবোৰ কাম সচৰাচৰ সংঘটিত হয় তেনে বোৰ  অভ্যাসগত কাম। ওপৰৰ বাক্য দুটাত মোৰ দেউতাৰাই বাতৰি কাকত পঢ়াটো এটা অভ্যাস আৰু সি স্কুললৈ যোৱাটো এটা অভ্যাস গত কাম।


  • বাক্যটো চিৰন্তন সত্য হ'লে ই present indefinite tenseৰ হ'ব

যেনে:-বৰফ পানী ত ওপঙে

           পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে

           চৰাই উৰে


Formation:- প্ৰতিটো tense ৰে একোটাকৈ formation থাকে যাৰ সহায়ত আমি এটা ইংৰাজীৰ বাক্য অসমীয়ালৈ অনুবাদ কৰিব পাৰো।

Present indefinite tenseৰ formation:-

Sub+verbৰ present form+ob


সিহঁতে খেল পথাৰত ক্ৰিকেট খেলে

ধৰি লোৱা ওপৰৰ বাক্যটো ইংৰাজীলৈ অনুবাদ কৰিব লাগে। যিকোনো এটা বাক্য আমি ইংৰাজীলৈ অনুবাদ কৰিবৰ কাৰণে প্ৰথম আমি বাক্যটো কোন tense ত আছে সেইটো নিৰ্দ্ধাৰণ কৰিব লাগিব তাৰ পিছত আমি সেই tense ৰ formation অনুসৰি বাক্যটো ইংৰাজীলৈ অনুবাদ কৰিব পাৰিম।


সিহঁতে খেল পথাৰত ক্ৰিকেট খেলে

=They play football in the playground.

Sub:--বাক্যত যি কামটো কৰে সিয়েইsub. সাধাৰণতে বাক্যৰ আৰম্ভণিতে sub টো থাকে।

   সিহঁতে খেল পথাৰত ক্ৰিকেট খেলে

Sub:-সিহঁত(they)

Verb:-যি পদে কৰা বা হোৱা বুজায় তাকেই verb বোলা হয়।

      যেনে:-play(খেলা), run(দৌৰা), buy (কিনা), steal (চুৰ কৰা), read (পঢ়া )........ ইত্যাদি


     প্ৰতিটো  verb ৰে তিনিটাকৈ ভাগ আছে


Present

Past

Past participle

Go(যোৱা)

Went

Gone

Object:-কি , বা 'কাক' বুলি প্ৰশ্ন কৰিলে বাক্যটোৰ ob টো পাব পাৰি।

Some important verbs


Present

Past

Past participle

Buy(কিণা)

Bought

Bought

Make(

সজা বা তৈয়াৰ কৰা

Made

Made

Kill(হত্যা কৰা)

Killed

Killed

Die(মৃত্যু হোৱা)

Died

Died

Bite(

কামুৰা)

Bit

Bitten

Write (লিখা)

Wrote

Written

Play(

খেলা

Played

Played

Eat (খোৱা)

Ate 

Eaten

Run(দৌৰা

Ran

Run

Reach(

উপস্থিত হোৱা)

Reached

Reached

Arrive

(উপস্থিত হোৱা)

Arrived

Arrived

See

(দেখা)


Saw 

Seen

Meet(লগ পোৱা)

Met

Met

Finish(

শেষ কৰা/সম্পূৰ্ণ কৰা)

Finished

Finished

complete (সম্পূৰ্ণ কৰা)

complete-d

Complet-ed

Like (পচন্দ কৰা)

Liked

Liked

Steal(চুৰ)

Stole

Stolen

Do(কৰা)

Did

Done

Hit(

আঘাত কৰা/খুন্দা মৰাৰ)

Hit

Hit

Present indefinite tense

1/আমি ভাত খাও

=We eat rice.

2/ম‌ই সদায় স্কুললৈ যাও

=I always go to school.


Note:- যদি present indefinite tenseৰ sub টো   3rd person singular numberহয় তেতিয়া verbৰ লগত 's' বা es যোগ কৰা হয়।(3rd person singular number:- he, she, it,  মানুহৰ নাম যেনে Ram, …etc.)

3/গৰুৱে ঘাঁহ খায়।

=The cow eats grass.

4/চৰাই আকাশত উৰে।

=The bird flies in the sky.

5/পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে।

=The earth moves round the sun.

6/শিক্ষাক জনে আমাক ইংৰাজী ব্যাকৰণ শিকায়।

=The teacher teaches us English Grammar.

Present continuous tense

বৰ্তমান সময়ত কোনো এটা কাম চলি থকা বুজাবলৈ present continuous tense ব্যৱহাৰ কৰা হয়।

         ‌যেনে :- আমি ইংৰাজী শিকি আছো।

                  সিহঁতে ক্ৰিকেট খেলি আছে।

Formation:- sub+ am/is/are+ verbৰ present form+ing+object+..........


  • Sub অনুসৰি am/is/are ৰ ব্যৱহাৰ

Am:- sub টো " i " হ'লে am ব্যৱহাৰ কৰা হয়। (I am…)

Is:-   i ৰ বাহিৰে অন্য singular numberৰ লগত is ব্যৱহাৰ কৰা হয়

     He is

     She is

     It is

    The boy is

 Are:-sub টো plural numberহলে  are ব্যৱহাৰ কৰা হয়।

     They are

     We are

     You are 

    The boys are

    The workers are

Present continuous tenseৰ বাক্য

1/আমি এতিয়া ফুটবল খেলি আছো।

=We are playing football now.

2/সি এখন কিতাপ পঢ়ি আছে।

=He is reading a book.

3/মোৰ দেউতাৰাই এখন বাতৰি কাকত পঢ়ি আছে।

=My father is reading a news paper.

4/খেতিয়কজনে পথাৰত কাম কৰি আছে।

=The farmer is working in the field.

5/শিক্ষকজনে আমাক ইংৰাজী পঢ়াই আছে।

=The teacher is teaching us English.

Present perfect tense

কোনো এটা কাম এই মাত্ৰ শেষ হোৱা বুজাবলৈ বা কোনো এটা কাম বৰ্তমান সময়ত সম্পূৰ্ণ ৰূপে শেষ হোৱা বুজাবলৈ এই tense ব্যৱহাৰ কৰা হয়।

যেনে:- সি এই মাত্ৰ ওলাই গ'ল।

এই বাক্যটোত ওলাই যোৱা কামটো এই মাত্ৰ সংঘটিত হৈছে গতিকে এই বাক্যটো present perfect tense.

সিহঁতে কামটো কৰিলে।(অৰ্থাৎ বৰ্তমান সময়ত কামটো সম্পূৰ্ণ ৰূপে শেষ হোৱা বুজায়ছে)

  • Formation :- sub+ have/has+  +verbৰ past participle form + object+......

  • (Present perfect tenseত সদায়verb ৰ past participle form ব্যৱহাৰ কৰা হয় অৰ্থাৎ verb ৰ একেবাৰে শেষৰform টো ব্যৱহাৰ কৰা হয়)


Sub অনুসৰি have/has ৰ ব্যৱহাৰ

  • Present perfect tenseৰ sub টো 1st আৰু 2nd personহলে have ব্যৱহাৰ কৰা হয়।(অৰ্থাৎ i,we আৰু you লগত have ব্যৱহাৰ কৰা হয়)

       যেনে :- I have

                   We have

                  You have

  • Present perfect tenseৰ subটো third person singular number(তৃতীয় পুৰুষএকবচন)হলে has আৰু third person plural number(তৃতীয় পুৰুষ বহুবচন)হলে have ব্যৱহাৰ কৰা হয়

    যেনে:- They have

               It has

              The man has

              The worker has

             They workers have

        —---------ইত্যাদি

Present perfect tenseৰ বাক্য

1/ম‌ই এই মাত্ৰ তোমাৰ চিঠি খন পাৰো।

=I have received your letter just now.

2/মোৰ দেউতা এই মাত্ৰ ওলাই গ'ল।

=My father has gone out just now.

3/সিহঁতে সিহঁতৰ ঘৰুৱা কামখিনি সম্পূৰ্ণ কৰিলে।

=They have completed their homeworks.

4/ম‌ই এই মাত্ৰ খবৰটো পালো।

=I have received the news justnow.

5/পুলিচে চুৰটো ধৰিলে।

=The police have caught the thief.

(Police সদায় plural numberত ধৰা হয়। Singular number ৰূপে ব্যৱহাৰ কৰিবলৈ the police man ৰূপে ব্যৱহাৰ কৰা হয়)

  • Present perfect continuous tense

অতীততে কোনো এটা কাম আৰম্ভ হৈ বৰ্তমান সময়লৈকে চলি থকা বুজাবলৈ এইtense ব্যৱহাৰ কৰা হয়। বা বৰ্তমান সময়ত কোনো এটা কাম বহু সময় ধৰি , বহু দিন ধৰি, বহু মাহ ধৰি, বহু বছৰ ধৰি…. চলি থকা বুজাবলৈ এই tense ব্যৱহাৰ কৰা হয়।

        যেনে:- খেতিয়ক জনে ৰাতিপুৱাৰ  পৰা কাম কৰি আছে।

(কামটো ৰাতিপুৱাতে আৰম্ভ হৈ এতিয়া লৈকে চলি আছে)

  • Formation:-sub+have/has+been+

            +verbৰ present form+ing+ob+.....

(Have/has ৰ ব্যৱহাৰ পূৰ্বেতে উল্লেখ কৰাৰ দৰে একে হ'ব। present perfect tenseত চাওক)

Note:- present perfect continuous tenseত পৰা বুজাবলৈ সময়ৰ আগত since আৰু ধৰি বুজাবলৈ for ব্যৱহাৰ কৰা হয়।

         যেনে:-ৰাতিপুৱাৰ পৰা- since morning

                যোৱা বছৰ পৰা- since last year

               বহু বছৰ ধৰি-for many years

               বহু দিন ধৰি-for many days

Present perfect continuous tense:-

1/বহু দিন ধৰি সি এটা কাম বিছাৰি ফুৰিছে।

=He has been looking for a job for many days. (Look for-বিছাৰি ফুৰা)

2/খেতিয়ক জনে ৰাতিপুৱাৰ পৰা কাম কৰি আছে।

=The farmer has been working since morning.

Past indefinite tense

অতীত কোনো এটা কাম সংঘটিত হৈছিল বুজাবলৈ এই tense ব্যৱহাৰ কৰা হয়।

যেনে:- চিকাৰী জনে বাঘটো মাৰিছিল।

          কালি ম‌ই তোমাৰ দেউতাৰাক লগ পাইছিলো।

Formation:-sub+verb ৰ past form +object+....


     

Past indefinite tenseৰ বাক্য

1/চিকাৰী জনে বাঘটো মাৰিছিল।

=The hunter killed the tiger.

2/ম‌ই কালি তোমাৰ দেউতাৰাক লগ পাইছিলো।

=I met your father yesterday.

3/বুঢ়া মানুহজন যোৱা‌ৰাতি ‌ঢুকাল।

=The old man died last night.

4/যোৱা বছৰ আমি শ্বিলঙলৈ গৈছিলো।

=We went to Shillong last year.

5/খেল খন আমি জিকিছিলো।

=We won the match.


Past continuous tense

অতীত কোনো এটা চলি আছিল বুজাবলৈ এই tense ব্যৱহাৰ কৰা হয়।

যেনে:-   সি কাম কৰি আছিল।

 Formation:- sub+was/were +verbৰ present form+ ing +ob…


Sub অনুসৰি was/were ব্যৱহাৰ

  • Sub টো singular numberহলে was ব্যৱহাৰ কৰা হয়।

               যেনে:- I was

                         He was

                         She was

                         It was

  • Sub টো plural numberহলে were ব্যৱহাৰ কৰা হয়।

যেনে:- we were

           They were

           You were (you plural numberযিহেতু you য়ে তুমি, তোমালোক, আপুনি, আপোনালোক সকলো‌ অৰ্থ প্ৰকাশ কৰে)

Past continuous tense

1/আমি কালি ফুটবল খেলি আছিলোঁ।

=We were playing football yesterday.

2/মানুহজনে পথাৰত কাম কৰি আছিল।

=The man was working in the field.

3/ শিক্ষকজনে ছাত্ৰ ছাত্ৰী সকলক ইংৰাজী পঢ়াই আছিল।

=The teacher was  teaching the students English.

(কি, বা কাক বুলি প্ৰশ্ন কৰিলে বাক্যটোৰob টো পাব পাৰি। কি পঢ়াই আছিল?- ইংৰাজী, কাক পঢ়াই আছিল?- আমাক। গতিকে বাক্যটোৰ ob দুটা হ'ল- ইংৰাজী,আমাক।

যদি বাক্যত দুটা ob থাকে তেতিয়া প্ৰথমে person বুজোৱাob টো‌ আগত হ'ব আৰু আনটো ob পিছত হ'ব। কিন্তু ob দুটা আমি সালসলনি কৰিও লিখিব পাৰিম কিন্তু তেতিয়া ob দুটা ৰ মাজত to আহিব)

ওপৰৰ বাক্যটো আমি এনেদৰেও লিখিব পাৰিম

  • The teacher was teaching English to the students.

Past perfect tense

অতীততে সংঘটিত হোৱা দুটা কামৰ ভিতৰত যিটো কাম আগতীয়াকৈ সংঘটিত হয় সেই বাক্যটো past perfect tenseৰ হয় আৰু আনটো বাক্য past indefinite tense ৰ হয়।

        অৰ্থাৎ past perfect tenseহবলৈ হ'লে অতীত অগা পিছাকৈ দুটা কাম‌ সংঘটিত হ'ব লাগিব।আগত হোৱা কামটোৰ ক্ষেত্ৰত past perfect আৰু অলপ পিছত সংঘটিত হোৱা কামটোৰ ক্ষেত্ৰতpast indefiniteব্যৱহাৰ কৰা হয়।

  • সি অহাৰ পিছত ম‌ই কামটো সম্পূৰ্ণ কৰিলো।


এই বাক্যটোত অতীত অগা পিছাকৈ দুটা কাম‌ সংঘটিত হৈছে। 'সি অহা' কামটো আগত আৰু 'ম‌ই কামটো সম্পূৰ্ণ কৰিলোঁ' এই কামটো পিছত সংঘটিত হৈছে। আগত হোৱা কামটোৰ ক্ষেত্ৰতpast perfectআৰু পাছত সংঘটিত হোৱা কামটোৰ ক্ষেত্ৰতpast indefiniteব্যৱহাৰ কৰা হয়।

               গতিকে, সি অহা কামটোpast perfect আৰু 'ম‌ই কামটো সম্পূৰ্ণ কৰিলো' এই বাক্যটো past indefiniteহব।

Past perfect tenseত পাছত বুজাবলৈAfter আৰু আগত বুজাবলৈ beforeব্যৱহাৰ কৰা হয়।

  • সি অহাৰ পিছত ম‌ই কামটো সম্পূৰ্ণ কৰিলো।

=After he had come,I completed the work.

(বা  I completed the work after he had come  এনেদৰেও লিখিব পাৰি)

  • চিকাৰী জনক দেখাৰ পিছত বাঘটো পলাল।

=After the tiger had seen the hunter, it ran away.

(ইয়াত দুয়োটা বাক্যৰে sub টো হ'ল the tiger. কিয়নো চিকাৰী জনক দেখা কামটো কোনে কৰিছে- বাঘটোৱে, পলোৱা কামটো কোনে কৰিছে- বাঘটোৱে। গতিকে দুয়োটা বাক্যটে subটো হ'ল the tiger. দ্বিতীয় বাক্যত থকা it টোৱে বাঘটোকে বুজাইছে)

  • খেলখন আৰম্ভ হোৱাৰ আগতে আমি খেল পথাৰ পালোগৈ।

=Before the match started , we had reached the playground.

(বা We had reached the playground before the match started)

  • মোৰ দেউতা অহাৰ আগতে আমি ওলাই গলো।

=Before my father came, we had gone out.

(বা We had gone out before my father came)

Past perfect continuous tense

অতীত কোনো এটা কাম বহু সময় ধৰি চলি আছিল বুজাবলৈ এই tense ব্যৱহাৰ কৰা হয়।

  • Formation:-sub+had+been+verbৰ present form+ing+ob

যেনে:- আহোম সকলে অসমত ৬০০ বছৰ ধৰি ৰাজত্ব কৰিআছিল।

=The Ahom had been ruling in Assam for 600 years.

(ধৰি বুজাবলৈ সময়ৰ আগতfor ব্যৱহাৰ কৰা হয়)

  • বাক্যত ঠাই (place) আৰু সময়(time) একেলগে থাকিলে ইংৰাজীলৈ নিওতে সাধাৰণতে place টো আগত লিখা হয় আৰু ইয়াৰ পিছত সময়। সেইকাৰণে in Assam আগত লিখা হৈছে আৰু for 600 years পিছত লিখা হৈছে।

*ব্ৰিটিছে ভাৰতত বহু বছৰ ধৰি ৰাজত্ব কৰিআছিল।

=The British had been ruling in India for many years.

Future Indefinite tense

ভবিষ্যতলৈ কোনো এটা কাম সংঘটিত হ'ব বুজাবলৈ এই tense ব্যৱহাৰ কৰা হয়।(এতিয়ালৈকে হোৱা নাই ভবিষ্যতে হ'ব)

যেনে:-ম‌ই অহা কালিলৈ তোমালোকৰ ঘৰলৈ যাম।

    Formation:-sub+shall/will+ verbৰ present form+ob

  • Sub অনুসৰিShall /will ৰ ব্যৱহাৰ

1/ sub টো 1st person হ'লে ইয়াৰ লগত shall ব্যৱহাৰ কৰা হয়। অৰ্থাৎ I আৰুwe লগত Shall ব্যৱহাৰ কৰা হয়।

               I shall

              We shall

2/subটো 2nd বা 3rd person হয় তেতিয়া ইয়াৰ লগত will ব্যৱহাৰ কৰা হয়। অৰ্থাৎ i আৰু we ৰ বাহিৰে আন সকলোsubৰ লগত will ব্যৱহাৰ কৰা হয়।

         যেনে:-      You will

               He will

              She will

              They will

              It will…ইত্যাদি


     

Future indefinite

1/ম‌ই কালিলৈ তোমালোকৰ ঘৰলৈ যাম।

=I shall go to your home tomorrow.

2/সি ৰাতিপুৱা মোক লগ কৰিব।

=He will meet me in the morning.

3/আমি অহা বছৰলৈ   শ্বিলঙলৈ যাম। 

=We shall go to Shillong next year.

4/সিহঁতে এখন ক্ৰিকেট খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।

=They will hold a cricket match.

5/প্ৰধান শিক্ষক জনে পুৰস্কাৰ সমূহ বিতৰণ কৰিব।

=The head master will give away the prizes.

(Give away:- বিলাই দিয়াৰ/বিতৰণ কৰা/ভগাই দিয়া)

Note:-কিন্ত কৰ্তাই ভৱিষ্যতে কোনো এটা কাম কৰিমেই বা সংঘটিত হ'ব‌ই বুলি ডাঠি কয় । তেতিয়া 1st personৰ লগত will , 2nd আৰু3rd personৰ লগত shallব্যৱহাৰ কৰা হয়।

       যেনে:-ম‌ই কালিলৈ তোমাক লগ কৰিমেই।

=I will meet you tomorrow.

*সি পৰীক্ষাটোত উত্তীৰ্ণ হব‌ই।

=He shall pass in the examination.

                     Future continuous tense

ভৱিষ্যতে কোনো এটা কাম চলি থাকিব বুজাবলৈ এই tense ব্যৱহাৰ কৰা হয়।

     যেনে:- সিহঁতে আবেলি ক্ৰিকেট খেলি থাকিব। (অৰ্থাৎ ভৱিষ্যতে কামটো চলি থাকিব)


Formation:-Sub+shall/will+be+verbৰ present form +ob

(Shall/willৰ ব্যৱহাৰ পূৰ্বে উল্লেখ কৰাৰ দৰে একে হ'ব। Future indefiniteত চাওক)

1/সিহঁতে আবেলি ক্ৰিকেট খেলি থাকিব।

=They will be playing cricket in the evening.

2/আমি গৈ থাকিম।

=We shall be going.

3/সি কামটো কৰি থাকিব।

=He will be doing the work.

4/ছোৱালী জনীয়ে গান গাই থাকিব।

=The girl will be singing.

5/মোৰ দেউতাৰাই বাতৰি কাকত পঢ়ি থাকিব।

=My father will be reading newspaper.

              Future perfect tense

ভৱিষ্যতে কোনো এটা কাম অন্য এটা কামৰ আগতীয়াকৈ সংঘটিত হোৱা বুজাবলৈfuture perfect tense ব্যৱহাৰ কৰা হয়। আৰু আনটো বাক্য অৰ্থাৎ ভৱিষ্যতে যিটো কাম অলপ পিছত সংঘটিত হ'ব তাৰ ক্ষেত্ৰত present  indefinite tense ব্যৱহাৰ কৰা হয়।

         যেনে :- সি অহাৰ আগতে আমি খেল খন আৰম্ভ কৰিম।

  Formation:-Sub+shall/will+ have +verbৰ past participle form+ob


     সি অহাৰ আগতে আমি খেল খন আৰম্ভ কৰিম। এই বাক্যটোত 'আমি খেল খন আৰম্ভ কৰিম' এই কামটো আগতীয়াকৈ সংঘটিত হ'ব গতিকে এই বাক্যটো future perfect আৰু আনটো বাক্য present indefinite হ'ব।


*সি অহাৰ আগতে আমি খেল খন আৰম্ভ কৰিম।

=Before he comes, we shall have started the match.

   Future perfect continuous tense

ভৱিষ্যতলৈ কোনো এটা কাম বহু সময় ধৰি চলি থাকিব বুজাবলৈ এই tense ব্যৱহাৰ কৰা হয়।

       Formation:-Sub + shall/will+have+been +verbৰ present form+ing +ob.


     যেনে:- বহুদিন ধৰি খেল খন চলি থাকিব।

=The match will have been going on for many days.

(চলি থকা=go on)

1 Comments

  1. Tq Sir . Please Upload to Correct tense Rules

    ReplyDelete
Post a Comment
Previous Post Next Post